বৰুৱাদেৱলৈ শ্ৰদ্ধাঞ্জলি

 শিক্ষক তথা সমাজকৰ্মী উপেন্দ্ৰ চন্দ্ৰ বৰুৱাৰ মৃত্যুত শ্ৰদ্ধাঞ্জলি

                                                      ৰূপৰাম গগৈ

                                        উপদেষ্টা-অমৰজ্যোতি যুৱক সংঘ


              "অথিৰ ধন জন             জীৱন যৌৱন

                            অথিৰ এহু সংসাৰ।

               পুত্ৰ পৰিবাৰ                   সবহি অসাৰ 

                           কৰবো কাহেৰি সাৰ।।"


               মৃত্যু এক চিৰন্তন সত্য। জন্ম হ'লে মৃত্যু হবই, এয়া সৃষ্টিৰ নিয়ম, বিধিৰ বিধান। এই মায়াময় সংসাৰত ধন, জন, জীৱন, যৌৱন, পুত্ৰ, পৰিবাৰ এই সকলোবোৰ অসাৰ । তথাপিও এই মৃত্য সঁ‌চাকৈয়ে বৰ বেদনাদায়ক। ইয়াক মানি লোৱাটো বৰ টান। কাৰণ ই আনি দিয়ে বিৰাট শূণ্যতা আৰু উপলব্ধি কৰোৱাই হেৰুৱাৰ বেদনা।

               বিশিষ্ট সমাজকৰ্মী তথা এজন আদৰ্শ শিক্ষক উপেন্দ্ৰ চন্দ্ৰ বৰুৱাদেৱ ৰ জন্ম হৈছিল ১৯৫৫ চনৰ ফেব্ৰুৱাৰী মাহত  ৩ নং ফলঙনি গাঁ‌ৱত। তেখেতৰ পিতৃৰ নাম আছিল ঁ‌ ভোলা  বৰুৱা আৰু মাতৃৰ নাম আছিল ঁ‌ ভুবনেশ্বৰী বৰুৱা। ভোলা বৰুৱা আৰু ভুবনেশ্বৰী বৰুৱাৰ ৫(পাঁ‌চ) জন সন্তানৰ ভিতৰত  ৪(চাৰি) গৰাকী কন্যা সন্তান আছিল, আৰু উপেন্দ্ৰ চন্দ্ৰ বৰুৱা  আছিল কনিষ্ঠতম পুত্ৰ। তেখেতে হাইস্কুলত পঢ়ি থকা সময়তেই পিতৃ ভোলা বৰুৱাৰ মৃত্য হোৱাত তেখেতৰ পঢ়া-শুনাৰ দায়িত্ব ভিনিয়েক ঁ‌গোপাল ভৰালী য়ে হাতত লয়। তেখেতে ৬ বছৰ বয়সত ' ৩ নং ফলঙনি বালিজান প্ৰাথমিক বিদ্যালয়ত' নামভৰ্তি কৰে। তাৰ পিছত 'ফলঙনি মধ্য ইংৰাজী বিদ্যালয়ত' নামভৰ্তি কৰে। ১৯৭৩ চনত তেখেতে 'ফলঙনি বাপুজী উচ্চ মাধ্যমিক বিদ্যালয়ৰ পৰা হাইস্কুল শিক্ষান্ত পৰীক্ষাত উত্তীৰ্ণ হয়। তেখেতে ডেৰগাঁ‌ও কমল দুৱৰা কলেজ (DKD College) ৰ পৰা উচ্চ শিক্ষা গ্ৰহণ কৰে।

              উপেন্দ্ৰ চন্দ্ৰ বৰুৱাদেৱে  হাইস্কুলত পঢ়ি থাকোতেই 'ফলঙনি আভা মইনা পাৰিজাত' ৰ কাৰ্যনিৰ্বাহকৰ সদস্য আছিল। ১৯৭৭ চনত তেখেতে 'ফলঙনি নৱজ্যোতি জ্ঞানদ্বীপ মধ্য ইংৰাজী বিদ্যালয়ৰ প্ৰতিষ্ঠাপক শিক্ষক হিচাপে যোগদান কৰি কৰ্মজীৱনৰ পাতনি মেলিছিল। ১৯৮৬ চনত পতিষ্ঠা হোৱা 'ফলঙনি অমৰজ্যোতি যুৱক সংঘ' ৰ তেখেত প্ৰতিষ্ঠাপক সভাপতি আছিল আৰু সম্পাদক আছিল ঁ‌ গজেন ভৰালী।বৰুৱাদেৱ আছিল 'দক্ষিণ মৰঙি আঞ্চলিক ক্ষুদ্ৰ চাহ খেতিয়ক সন্থা' ৰ প্ৰতিষ্ঠাপক সম্পাদক আৰু পাছত সভাপতিৰ দায়িত্বও গ্ৰহণ কৰিছিল। উল্লেখ্য যে তেখেতেই আছিল বৃহত্তৰ ফলঙনি অঞ্চলৰ প্ৰথমজন ক্ষুদ্ৰ চাহ খেতিয়ক। তেখেতে ক্ষুদ্ৰ চাহ খেতিয়ক সন্থাৰ তৰফৰ পৰা দক্ষিণ ভাৰত ভ্ৰমণ কৰাৰ সুযোগ লাভ কৰিছিল। বৰুৱাদেৱ আছিল শংকৰ সংঘৰ এজন নীৰৱ কৰ্মী। তেখেতে শীমন্ত শংকৰদেৱ সংঘ ৰ মৰঙী আঞ্চলিক ৰ সদস্য, জিলা সদস্য তথা শ্ৰীমন্ত শংকৰদেৱ সংঘ, মৰঙি আঞ্চলিক ৰ সভাপতি পদতো অধিষ্ঠিত আছিল।

            প্ৰয়াত বৰুৱাদেৱ আছিল এজন নম্ৰ, বিনয়ী, মিতভাষী আৰু এজন ব্যক্তিত্বশীল ব্যক্তি। গাঁ‌ৱৰ লগতে অঞ্চলটোৰ বিভিন্ন সামাজিক কাম-কাজ আৰু অনুষ্ঠানৰ লগত তেখেত সক্ৰিয়ভাৱে জড়িত হৈ আছিল।বিষেশকৈ তেখেতে ৩ নং ফলঙনি অঞ্চলৰ বিভিন্ন  অনুষ্ঠান-প্ৰতিষ্ঠান ৰ লগত জড়িত আছিল। এই স্থানীয় অঞ্চলটোৰ বিভিন্ন উন্নয়ণমূলক কাম  কাজৰ লগত জড়িত আছিল। বিশেষকৈ তেখেতে 'অমৰজ্যোতি যুৱক সংঘ' আৰু ৩ নং ফলঙনি বালিজান প্ৰাথমিক বিদ্যালয় ৰ উন্নয়ণ আৰু বিকাশৰ ক্ষেত্ৰত অগ্ৰণী ভূমিকা গ্ৰহণ কৰিছিল। বিভিন্ন সামাজিক অনুষ্ঠান, সভা সমিতি আদিত তেখেতে সদায় সু-দিহা পৰামৰ্শ আগবঢ়াইছিল। আজি আমি এনে এজন কৰ্মোদ্যমী, সমাজপ্ৰিয় ব্যক্তিক হেৰুৱাই সচাই মৰ্মাহত হৈছো। এগৰাকী আদৰ্শ শিক্ষক হিচাপে ও তেখেত সমাজত চিনাকী আছিল।

                বৰুৱাদেৱৰ  মৃত্যুৱে সঁ‌চাকৈয়ে এক শূণ্যতাৰ সৃষ্টি কৰিছে।গাওঁ‌খনে বহুদিনলৈ তেখেতৰ ৰিক্ততা অনুভৱ কৰিব। তথাপিও আমি এটা কথা মনত ৰাখিব লাগিব যে জীৱনৰ মূল্যায়ণ দীৰ্ঘজীৱনৰ পৰিৱৰ্তে কৰ্মৰ দ্বাৰাহে হয়। তেখেতে দি যোৱা সৎ আদৰ্শ তথা কৰ্মৰাজি সদায় জীয়াই থাকিব। শেষত ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছো, আপোনি যতেই আছে, শান্তিৰে থাকক। লগতে আপোনাৰ বৈকুণ্ঠগামী পুণ্যাত্মাই যেন পুণ্যস্থান লাভ কৰে, তাকেই কামনা কৰিছো।

                  সংসাৰ তৰিতে        ইচ্ছা আছে যাৰ

                              কৰিয়ো হৰি কীৰ্ত্তন।

                 পৰম নিৰ্ম্মল              গতি পাইবা সুখে

                              ছিণ্ডিয়া কৰ্ম্মবন্ধন।।

       



Comments