বৰদলৈ চাৰলৈ শ্ৰদ্ধাঞ্জলি

     বালিজান শংকৰজ্যোতি উচ্চ মাধ্যমিক বিদ্যালয়  

                              স্থাপিত - ১৯৮২

                   ডাক - ধলাগুৰি, গোলাঘাট , অসম

                প্ৰয়াত প্ৰবীন বৰদলৈ দেৱৰ পৰিয়ালবৰ্গলৈ

                                   শ্ৰদ্ধাঞ্জলি

                  জাতস্য হি ধ্রুবো মৃত্যুর্ধ্রুবং জন্ম মৃতস্য চ ।

                  তস্মাদপৰিহার্যেহর্থে ন ত্বং শোচিতুমর্হসি ॥

         আজি ইংৰাজী ১৩-০৭-২০২৩ তাৰিখ, বৃহস্পতি বাৰে পুৱা ১০.০০ বজাত বালিজান শংকৰজ্যোতি উচ্চ মাধ্যমিক বিদ্যালয়ত সমূহ শিক্ষকৰ উপস্থিতিত 'বিদ্যালয় পৰিচালনা সমিতি' ৰ এখন শোক সভা অনুষ্ঠিত কৰি প্ৰয়াত বালিজান শংকৰ জ্যোতি উচ্চ মাধ্যমিক বিদ্যালয়ৰ সহকাৰী শিক্ষক প্ৰবীন বৰদলৈ দেৱৰ বিদেহী আত্মাৰ সদ্গতিৰ অৰ্থে এক মিনিট সময় মৌন প্ৰাৰ্থনা জনোৱাৰ লগতে শোক সন্তপ্ত পৰিয়ালবৰ্গলৈ গভীৰ সমবেদনা জ্ঞাপন কৰা হয়। 

            "মৃত্যুও এটা শিল্প, জীৱনৰ কঠিন শিলত কটা নিৰ্লোভ ভাস্কাৰ্য।" তথাপিও  এই মৃত্যুৱেই দিয়ে প্ৰিয়জনৰ মনত গভীৰ দুখ। দুদিনীয়া জীৱনৰ হাঁহি-ধেমালি, মান-অপমান, আনন্দ-বেদনা এই সকলোবোৰ মৃত্যুৰ লগতেই লীন হৈ যায় ৷ যিটো তেজ-মঙহৰ শৰীৰক লৈ মানুহে গৌৰৱবোধ কৰে, মৃত্যুৰ পিচতেই সেই শৰীৰৰ সময়ো শেষ হৈ যায়, ৰুদ্ধ হয় জীৱনৰ সুদীৰ্ঘ পৰিক্ৰমা, কালৰ নিৰ্দেশত আঁ‌ৰ কাপোৰ পৰে জীৱন নাটৰ। সঁ‌চাকৈয়ে জীৱন কচু পাতৰ পানীৰ দৰে আৰু মৃত্য এক সাঁ‌থৰ। সেয়ে কবিয়ে কৈছে -

              হে মৃত্যু নমস্কাৰ! চকুপানীৰে-- 

  তোৰ পূজাৰ শৰাই                    ইমান জাতিস্কাৰ|

  অন্ধকাৰৰ সিপাৰে জ্বলিছে       তোৰ পোহৰৰ দেশ,

  তোৰ দেশলৈ যাবলৈ কোনে       পিন্ধিলে নতুন বেশ?

             ফলঙণি গাঁ‌ৱৰ নিবাসী প্ৰয়াত শিক্ষক, প্ৰবীন বৰদলৈ দেৱে যোৱা ১০-০৭-২০২৩ তাৰিখ, সোম বাৰে শেষ নিশ্বাস ত্যাগ কৰি গতি কৰিলে অজান দেশলৈ। তেখেতে শিক্ষক হিচাপে কৰ্ম জীৱনৰ আৰম্ভ কৰিছিল আৰু অনেক লোকক জ্ঞানৰ কিৰণেৰে উদ্ভাসিত কৰি তুলিছিল। এজন সহজ-সৰল, অমায়িক লোক হিচাপে সমাজত খ্যাতি আছিল। তেখেতৰ মৃত্যু সমাজৰ বাবে এক অপূৰণীয় ক্ষতি। তেখেতৰ বিদেহ আত্মাৰ সদ্গতিৰ অৰ্থে ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনোৱাৰ লগতে শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ গভীৰ সমবেদনা জ্ঞাপন কৰিলো।

                                        ইতি

       বালিজান শংকৰজ্যোতি উচ্চ মাধ্যমিক বিদ্যালয়ৰ 

       পৰিচালনা সমিতিৰ হৈ --- 

        শ্ৰী বিতুপন দত্ত (সভাপতি)

        শ্ৰী সুনন্দ শইকীয়া (সাঃ সম্পাদক)

        শ্ৰী দিলীপ চন্দ্ৰ ভেৰুৱা (প্ৰধান শিক্ষক)

        শ্ৰী যুগল শইকীয়া (সহ প্ৰধান শিক্ষক)

Comments